মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ

কৰ্মসূচী আৰু দায়িত্ব

কৰ্মসূচীআৰুদায়িত্ব(কামৰআবণ্টনআৰুকৰ্তব্য)

ক্ষমতা, বিষয়া আৰু কৰ্মচাৰীৰ কৰ্তব্য।
প্ৰক্ৰিয়া, পৰ্য্যবেক্ষণ আৰু জবাবদিহিতাৰ প্ৰণালী।
পদবী


সঞ্চালক

নগৰ আৰু দেশ পৰিকল্পনা দপ্তৰৰ সামগ্ৰিক দায়িত্ব

যুটীয়া সঞ্চালক

নগৰ আৰু দেশ পৰিকল্পনা দপ্তৰৰ সকলো বিষয়ত সঞ্চালকক সহায় কৰাৰ লগতে প্ৰকল্পসমূহৰ তত্বাৱধান কৰা

অধীক্ষক অভিযন্তা

অসমৰ ভিতৰৰ নগৰসমূহৰ উন্নয়নৰ কাৰণে সকলো অসামৰিক অভিযান্ত্ৰিক আঁচনি/ প্ৰকল্পসমূহৰ তত্বাৱধান আৰু কাৰিকৰী বিষয়ত সঞ্চালকক সহায় কৰা।

পদবী

জেষ্ঠ্য গৱেষণা বিষয়া

অৰ্থ- সামাজিক সমীক্ষাৰ ক্ষেত্ৰত সঞ্চালকক সহায় কৰা আৰু মাষ্টাৰ পৰিকল্পনা আৰু বিভিন্ন আঁচনিসমূহৰ কাৰণে প্ৰতিবেদন প্ৰস্তুত কৰা, সহকাৰী গৱেষণা বিষয়া আৰু গৱেষণা সহায়ক আদিক নিৰ্দেশনা প্ৰদান।

কাৰ্য্যবাহী অভিযন্তা

অসামৰিক অভিযান্ত্ৰিক সমীক্ষা পৰিচালনা আৰু অভিযান্ত্ৰিক পৰিকল্পনাসমূহ প্ৰস্তুত কৰা আৰু বিভিন্ন আঁচনিৰ প্ৰাককলন, সহকাৰী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তাক নিৰ্দেশনা প্ৰদান।

সহকাৰী সঞ্চালক

প্ৰশাসনীক বিষয়সমূহ আৰু অন্যান্য কাৰিকৰী বিষয়ত সঞ্চালক, যুটীয়া সঞ্চালক, উপ সঞ্চালককক সহায় কৰা

নগৰ পৰিকল্পনা সহায়ক

কাৰ্য্যালয়ৰ মূৰব্বীক নগৰ পৰিকল্পনা আৰু অসামৰিক অভিযান্ত্ৰিক আঁচনিসমূহ প্ৰস্তুত কৰাত সহায় কৰা।

বিত্ত আৰু গাণনিক বিষয়া

সঞ্চালকক বিত্ত সংক্ৰান্তীয় সকলো বিষয়, বাৰ্ষিক বাজেট, হিছাপ পৰীক্ষা আদি বিষয়ত পৰামৰ্শ আগবঢ়োৱা আৰু বাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰা।

সহকাৰী গৱেষণা বিষয়া

অৰ্থ- সামাজিক সমীক্ষাৰ তত্বাৱধান কৰা আৰু মাষ্টাৰ পৰিকল্পনা আৰু বিভিন্ন আঁচনিসমূহৰ কাৰণে প্ৰতিবেদন প্ৰস্তুত কৰা, গৱেষণা সহায়ক আদিক নিৰ্দেশনা প্ৰদান।

অধীক্ষক

সহকাৰীসকলৰ কামৰ তত্বাৱধান কাৰাৰ লগতে স্থাপনা বিষয়সমূহ।

উচ্চবৰ্গ সহায়ক

স্থাপনা আৰু গণনা বিষয়সমূহ

নিম্নবৰ্গ সহায়ক

সকলো কেৰাণী সম্বন্ধীয় আৰু টাইপিং কাম আৰু উচ্চবৰ্গ সহায়ক স্থাপনা বিষয়ত সহায় কৰা।

গৱেষণা সহায়ক

বিভিন্ন আঁচনিৰ অধীনত প্ৰকল্প প্ৰতিবেদনৰ কাৰণে অৰ্থ- সামাজিক সমীক্ষা পৰিচালনা কৰা, সমীক্ষাৰ বিশ্লেষণ কৰা।

কনিষ্ঠ অভিযন্তা

বিভিন্ন উন্নয়ন আঁচনিৰ কাৰণে নক্সা আৰু প্ৰাককলনৰ লগতে নগৰৰ কাৰণে মাষ্টাৰ পৰিকল্পনাৰ প্ৰস্তুতিৰ কাৰণে অভিযান্ত্ৰিক সমীক্ষা কৰা।

ডি/এম- I আৰু
ডি/এম- II

নক্সা প্ৰস্তুত কৰা/ ৰাজ্যৰ ভিতৰৰ নগৰৰ মাষ্টাৰ পৰিকল্পনা সম্বন্ধীয় মেপ আৰু নক্সা সম্বন্ধীয় বিষয়।

অনুৰেখক

মাষ্টাৰ পৰিকল্পনাৰ লগত সংগতি ৰাখি মেপসমূহ আৰু অভিযান্ত্ৰিক নক্সাৰ অনুৰেখন কৰা ।

আশুলিপিকাৰ, গ্ৰেড- III

উচ্চ বিষয়াসকলৰ পৰা শ্ৰুতলিপি লোৱাৰ লগতে টাইপিঙৰ কাম।

চালক

চৰকাৰী যানবাহনসমূহ চলোৱা।

কপিয়াৰ চালক

জেৰক্স মেচিনৰ কাম কৰা

ড্ৰোফটি

কাৰ্য্যালয়ৰ নথি আৰু নথি লেখ্যসমূহৰ সংৰক্ষণ কৰা।

গ্ৰেড-IV,/ পিয়ন/ খালাচি

বেংক, ট্ৰেজাৰি আৰু জৰীপৰ কাম সম্পৰ্কত ডিলিং সহকাৰীক সহায় কৰা।

পৰিষ্কাৰক

চৰকাৰী যান বাহনসমূহক ধোৱা আৰু পৰিষ্কাৰ কৰা।

ফেৰ- প্ৰিণ্টাৰ

ব্লো প্ৰিণ্ট মেচিন পৰিচালনা কৰা।

চকীদাৰ

কাৰ্য্যালয় খোলা আৰু বন্ধ কৰা আৰু নিশা কাৰ্য্যালয়ৰ প্ৰাংগনৰ ৰক্ষী।

তত্বাৱধান আৰু জবাবদিহিতা প্ৰণালী সহ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ অনুসৰণ পদ্ধতি।
মামলাসমূহৰ কাৰ্য-প্ৰণালী সাধাৰণতে সকলো শাখাতেই কৰা হয় আৰু প্ৰয়োজনীয়তা অনুসৰি উচ্চ পৰ্য্যায়ৰ পৰা নিম্ন পৰ্য্যায়লৈ সকলোৱেই ইয়াৰ লগত জড়িত হৈ থাকে,  কিন্তু চূড়ান্ত সিদ্ধান্তসমূহ সঞ্চালকৰ দ্বাৰা গৃহীত হয় যদিহে সেইবোৰ ইনহাউচ মামলা হয় নহলে মামলাৰ ওপৰত ভিত্তি কৰি চৰকাৰক জমা দিয়া হয়।
নগৰ আৰু দেশ পৰিকল্পনা দপ্তৰৰ সঞ্চালকে তেওঁলোকৰ কাৰ্য্যাৱলীসমূহৰ উন্মুক্তিৰ কাৰণে কিছুমান নিয়ম ধাৰ্য্য কৰি লৈছে।
চৰকাৰে সময়ে সময়ে জাৰি কৰা নিয়ম, বিনিয়ম আৰু অনান্য নিৰ্দেশাৱলী অনুসৰি এই মামলাসমূহৰ ক্ষেত্ৰত যথাযথ ব্যৱস্থা গ্ৰহণৰ প্ৰচেষ্টা কৰা হয়।
নিয়ম, বিনিয়ম, নিৰ্দেশাৱলী, নিয়মাৱলী আৰু নথি লেখ্যসমূহ অসমৰ নগৰ আৰু দেশ পৰিকল্পনা দপ্তৰৰ সঞ্চালকৰ দ্বাৰা কৰা হয় আৰু এইবোৰ তেওঁৰ নিয়ন্ত্ৰণত থাকে আৰু কাৰ্য্যাৱলীসমূহৰ উন্মুক্তিৰ কাৰণে কৰ্মচাৰীসকলৰ দ্বাৰা ইয়াক ব্যৱহাৰ কৰা হয়।
অসম চৰকাৰৰ দ্বাৰা সময়ে সময়ে জাৰি কৰা নিয়ম, বিনিয়ম, নিৰ্দেশাৱলী, নিয়মাৱলী আদিৰ ভিত্তিত নিজৰ কাৰ্য্যাৱলীসমূহৰ উন্মুক্তি কৰা হয়।
কাৰ্য্যালয়ৰ কিছুমান স্মাৰক পত্ৰ/অধিসূচনা/পৰিপত্ৰ আছে যাক মামলা নিষ্পত্তিৰ কাৰণে অনুসৰণ কৰা হয় আৰু গাৰ্ড ফাইল এই পৰিপত্ৰসমূহক ৰাখিবৰ কাৰণে ৰখা হয়।
এই কাৰ্য্যালয়ৰ দ্বাৰা বা ইয়াৰ নিয়ন্ত্ৰণাধীন খতপত্ৰসমূহৰ প্ৰকাৰৰ বিবৃত্তি
এই কাৰ্য্যালয়ৰ দ্বাৰা গৃহীত খতপত্ৰসমূহত কাৰ্য্যালয়ৰ লগত সম্পৰ্ক থকা বিষয়সমূহ যেনে স্থাপনা, পৰিকল্পনা, প্ৰকল্পৰ কাম, বিত্তীয় বিষয়, অভিযান্ত্ৰিক বিষয় আদিৰ ওপৰত ফাইল কৰা থাকে।

অধ্যায়-I
বিদ্যমান কোনো নিৰ্দিষ্ট বিন্যাস, কোনো নগৰৰ মাষ্টাৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ সময়ত সৰ্বসাধাৰণৰ মন্তব্য বা প্ৰস্তাৱৰ সদস্যসকলৰ পৰামৰ্শ মৰ্মে বিচাৰ কৰা হয় আৰু অসম নগৰ আৰু দেশ পৰিকল্পনা আইনৰ দ্বাৰা এই ধৰণৰ ব্যৱস্থাটিৰ পৰিচালনা কৰা হয়।
অধ্যায়- I I
নগৰ আৰু দেশ পৰিকল্পনাৰ সঞ্চালকৰ কাৰ্য্যালয়ক পৰামৰ্শ দিয়াৰ উদ্দেশ্যৰে বোৰ্ড, পৰিষদ, সমিতি আৰু দুই বা তাতোধিক ব্যক্তিৰে গঠিত অনান্য সংস্থাৰ বিবৃতি প্ৰয়োজন সাপেক্ষে অনুষ্ঠিত কৰাৰ দৰে দেশ পৰিকল্পনা উপদেষ্টা পৰিষদ, বিভিন্ন কেন্দ্ৰীয় পৃষ্ঠপোষক আঁচনি ইত্যাদিৰ অধীনত ৰাজ্যিক স্তৰৰ সমন্বয়ৰক্ষী সমিতি।