মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ

ইতিহাস

  • ১৯৩৫ চনতে অসমৰ নগৰ আৰু দেশ উন্নয়ন পৰিকল্পনা দপ্তৰৰ জন্ম হোৱা বুলি কোৱা হয়, যিহেতু এই বছৰতে সম চৰকাৰে কামৰূপ জিলাৰ পলাশবাৰী টাউনশ্বিপৰ পৰিকল্পনাৰ বাবে প্ৰথমবাৰৰ বাবে পাব্লিক ৱৰ্কচ ডিপাৰ্টমেণ্ট  (PWD), অসমৰ অধীনত নগৰ আৰু দেশ উন্নয়ন পৰিকল্পনা বিভাগৰ আৰম্ভণি কৰিছিল। ইয়াৰ পৰৱৰ্ত্তী পৰ্যায়ত চৰকাৰে নগৰ আৰু দেশ উন্নয়ন পৰিকল্পনা দপ্তৰক গুৱাহাটী আৰু তিনিচুকীয়াৰ বাবে মাষ্টাৰ প্লেন প্ৰস্তুত কৰা দায়িত্ব বহন কৰে আৰু এই প্ৰকল্প বিশেষ গুৰুত্ব সহকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত পাঁচ বছৰীয়া পৰিকল্পনাৰ সময়ছোৱাত গ্ৰহণ কৰা হৈছিল।

    পিছলৈ অসম চৰকাৰে নগৰ আৰু দেশ উন্নয়ন পৰিকল্পনা বিভাগৰ এক পূৰ্ণাংগ পৰিচালনা দপ্তৰৰ নিৰ্মাণ কৰে। এই দপ্তৰৰ দায়িত্ব আছিল ১৯৭২ চনত অসমৰ দিছপুৰত অৱস্থিত অস্থায়ী ৰাজধানীৰ বাবে মাষ্টাৰ প্লেনৰ প্ৰস্তুতি কৰা আৰু পিছলৈ এই দপ্তৰে প্ৰকল্পটো সফলতাৰে সম্পন্ন কৰে। ১৯৬৯ চনত নগৰ আৰু দেশ উন্নয়ন পৰিকল্পনা দপ্তৰে কলিকতা মহানগৰ পৰিকল্পনা সংগঠনৰ সহযোগিতাত পানী যোগান জল নিষ্কাষণ আৰু নৰ্দমাৰ নিৰ্মাণৰ মাষ্টাৰ প্লেন প্ৰস্তুতিৰ কাম হাতত লয় আৰু ১৯৭২ চনত নগৰ আৰু দেশ উন্নয়ন পৰিকল্পনা পৰামৰ্শমূলক পৰিষদৰ দ্বাৰা অনুমোদন লাভ কৰে। আজি নগৰ আৰু দেশ উন্নয়ন পৰিকল্পনা দপ্তৰ, অসমে গুৱাহাটীক বাদ দি অসমৰ ৮৮খন বিশেষভাৱে বাচি উলিওৱা নগৰৰ উন্নয়ন সম্পন্ন কৰিছে।