মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ

নগৰৰ আশ্ৰয়হীনসকলৰ বাবে নৈশ আশ্ৰয়

  • অসমত নৈশ আশ্ৰয় আঁচনি ২০০৬-০৭ চনত আৰম্ভ কৰা হৈছিল। নেচনেল হাউছিং এণ্ড হেবিটেট পলিচী ১৯৯৮ৰ মুখ্য উদ্দেশ্য হৈছে মানুহৰ মৌলিক প্ৰয়োজন অৰ্থাত্ এটি আশ্ৰয়ৰ ব্যৱস্থা কৰা। নৈশ আশ্ৰয়ৰ বিত্তীয় গঠন অনুসৰি কেন্দ্ৰীয় চৰকাৰে মুঠ নিৰ্মাণ ব্যয়ৰ ৫০ শতাংশ বহন কৰিব, যি হৈছে প্ৰায় ২০,০০০ টকা প্ৰতি বিছনা। বাকী ৰৈ যোৱা ব্যয়ৰ অংশ হাডকো (HUDCO) বা অন্য প্ৰতিষ্ঠানৰ পৰা যুগুতোৱা হব। অসমত নগৰ আৰু দেশ পৰিকল্পনা দপ্তৰে ২০০৬-০৭ চনত ৫খন নগৰৰ নৈশ আশ্ৰয় নিৰ্মাণৰ প্ৰকল্প হাতত লয় আৰু হাডকোক বাকী ৫০ শতাংশ আৰ্থিক সহায় আগবঢ়াবলৈ আবেদন কৰে। কিন্তু কোনো মুখ্য বিত্তীয় সহায় বৰ্তমানলৈকে এই আঁচনিৰ প্ৰয়োগৰ বাবে ৰিলিজ নহল আৰু এই আঁচনি এতিয়া এই অঞ্চলসমূহৰ লগত জড়িত ইউ.এল.বিসমূহে ৰাজ্য চৰকাৰৰ পুঁজিৰ সহায়ত নিয়োগ কৰা হৈছে।

    আগষ্ট,২০১৭লৈকে ২৫খন নগৰ এই প্ৰকল্পৰ বাবে বাচি লোৱা হৈছে। মুঠ আনুমোদিত ফাণ্ড ৩৯৫.০৮ লাখৰ ৩১১.৫৮ লাখ টকা ইতিমধ্যে এই আঁচনিৰ অগ্ৰগতিৰ বাবে মোকলাই দিয়া হৈছে। এই ২৫খন নগৰৰ ভিতৰত ১২টা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু বাকীবোৰ প্ৰকল্প বিভিন্ন স্তৰত আগবাঢ়ি আছে।

    বিস্তাৰিত তথ্যৰ বাবে চাওক ষ্টেটাছ ৰিপোৰ্ট

    Downloads
    নগৰৰ আশ্ৰয়হীনসকলৰ বাবে নৈশ আশ্ৰয়
    TitleSizeDetail
    Title Size Detail Guidelines for Night Shelter for Urban Shelterless15.97 KBswf-image
    Present Status of Night Shelter for Urban Shelterless(NSUS) Town-wise227.14 KBswf-image