মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ

নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ, অসম

নগৰ উন্নয়ন বিভাগৰ অধীনত চাৰিটা উপ বিভাগ আছে- পৌৰ প্ৰশাসন সঞ্চালকালয়, নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ, অসম নগৰ পানী যোগান আৰু প্ৰয় প্ৰণালী পৰিষদ আৰু অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ। এই বিভাগসমূহে গুৱাহাটী পৌৰ নিগমৰ বাহিৰে ৰাজ্যৰ নগৰীয়া স্থানীয় সংস্থাসমূহৰ কাৰ্য্যক্ৰমৰ তত্বাৱধান কৰে।

নগৰ আৰু দেশ উন্নয়ন আইন, ১৯৫৯(সংশোধিত)ৰ অধীনত নগৰীয়া এলেকাসমূহৰ কাৰণে মাষ্টাৰ পৰিকল্পনা প্ৰস্তুত কৰাই হৈছে এই দপ্তৰৰ মুখ্য কাম। মাষ্টাৰ পৰিকল্পনা হৈছে নগৰীয়া এলেকাসমূহৰ উন্নয়নৰ কাৰণে এক নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত প্ৰস্তুত কৰা এক বৈধ নথি পত্ৰ। এই পৰিকল্পনাৰ বৈধকৰণ এক নিৰ্দিষ্ট সময়ৰ কাৰণে থাকে আৰু এই সময়সীমাৰ অৱসান হোৱাৰ পিছত ইয়াক পুনৰীক্ষণ আৰু পৰিৱৰ্ত কৰা হয়। নগৰ আৰু দেশ উন্নয়ন আইন, ১৯৫৯(সংশোধিত)অনগৰ আৰু দেশ উন্নয়ন আইন, ১৯৫৯(সংশোধিত) অনুসৰি অসম চৰকাৰৰ দ্বাৰা উন্নয়ন কৰ্তৃপক্ষৰ গঠন হয়। উন্নয়ন কৰ্তৃপক্ষৰ মুখ্য কাৰ্য্য প্ৰস্তাৱিত মাষ্টাৰ পৰিকল্পনাৰ প্ৰৱৰ্তন, মাণ্ডলিক বিনিয়মসমূহ প্ৰয়োগ কৰা আৰু উন্নয়নৰ কামসমূহ সম্পূৰ্ণ কৰা।

সংগঠনৰ গঠন

  • নগৰ উন্নয়ন বিভাগৰ প্ৰশাসনীক বিভাগটো অসম চৰকাৰৰ মুখ্য সচিবৰ দ্বাৰা পৰিচালিত হয়।
  • অসমৰ নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰটো নগৰ আৰু দেশ উন্নয়নৰ সঞ্চালকৰ দ্বাৰা পৰিচালিত হয়।
  • প্ৰয়োগ প্ৰক্ৰিয়াঃ
    নগৰ উন্নয়ন বিভাগৰ অধীনত নগৰীয়া স্থানীয় সংস্থা(নগৰ সমিতি বা পৌৰ পৰিষদ), উন্নয়ন কৰ্তৃপক্ষ আৰু নগৰ আৰু দেশ উন্নয়নৰ নলা খণ্ড(গুৱাহাটী আৰু তিনিচুকীয়া)ৰ দ্বাৰা সম্পূৰ্ণ কৰা হয় আৰু অসমৰ নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰৰ দ্বাৰা জিলা কাৰ্য্যালয়ৰ জৰিয়তে নিৰীক্ষণ কৰা হয়
  • জিলা পৰিকল্পনা কাৰ্য্যালয়ঃ ৰাজ্যখনৰ বৰ্তমানৰ ৩৩ খন জিলাৰ ভিতৰত ২২ জিলাক জিলা স্তৰৰ কাৰ্য্যালয়ৰ দ্বাৰা পৰিচালিত কৰা হয়। এই দপ্তৰৰ অধীনত হাইলাকান্দি, মৰিগাওঁ, তিনিচুকীয়া আদি জিলাৰ নগৰ আৰু দেশ উন্নয়নৰ জিলা কাৰ্য্যালয় এতিয়াও হৈ উঠা নাই। ইয়াৰ বাহিৰে, গুৱাহাটী আৰু তিনিচুকীয়াত দুটা নলা আৰু প্ৰয় প্ৰণালী বিভাগ আছে যি কাৰ্য্যবাহী অভিযন্তাৰ দ্বাৰা পৰিচালিত হয়। জিলা স্তৰৰ কাৰ্য্যালয়সমূহৰ ১৭ টা জিলা কাৰ্য্যালয় উপ সঞ্চালকৰ দ্বাৰা আৰু ৫ টা জিলা কাৰ্য্যালয় সহকাৰী সঞ্চালকৰ দ্বাৰা পৰিচালিত হয়। বৰ্তমান বি.টি.চি. ৰ অন্তৰ্গত চিৰাং, ওদালগুৰি আৰু বাক্সাৰ নতুন কাৰ্য্যালয়সমূহৰ কোকোৰাঝাৰ, দৰং আৰু নলবাৰীৰ সংশ্লিষ্ট জিলা কাৰ্য্যালয়ৰ দ্বাৰা তত্বাৱধান কৰা হয়।
  • উন্নয়ন কৰ্তৃপক্ষঃ মাষ্টাৰ পৰিকল্পনা আৰু অন্যান্য আঁচনিসমূহ বাস্তৱায়িত কৰাৰ কাৰণে ২৪ টা মাষ্টাৰ পৰিকল্পনা এলেকাত ২৪ খন উন্নয়ন কৰ্তৃপক্ষ গঠন কৰা হৈছে।