মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ

উত্তৰ পূৰ্বাঞ্চলৰ বাবে থকা কেন্দ্ৰীয় সামূহিক পুঁজিৰ অধীনত ১০ শতাংশ আবণ্টিত বুনিয়াদী প্ৰকল্প

(ক)নগৰ উন্নয়ন মন্ত্ৰালয়ৰ অধীনত ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লাভালাভৰ বাবে নিয়োজিত এক মুঠ ১০ শতাংশ ৰাশিৰ সাৰাংশ-

            ১০ শতাংশ এক মুঠ ৰাশি ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ বাবে থকা আঁচনিখন নগৰ উন্নয়ন মন্ত্ৰালয়ৰ অধীনত ২০০১-০২ বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী হয়। এই আঁচনিখন কেন্দ্ৰীয় পৃষ্ঠপোষকতাত ৯০:১০ কেন্দ্ৰ-ৰাজ্য পুঁজিৰে পৰিচালিত হয়।নগৰ উন্নয়ন মন্ত্ৰালয়ে অনুমোদিত মূল্যৰ ৯০ শতাংশ অনুদান এৰি দিব, বাকী থকা ১০ শতাংশ অনদান ৰাজ্য চৰকাৰে বহন কৰিব লাগিব। ছিকিমকে ধৰি উত্তৰ-পূবৰ গোটেই যিখন ৰাজ্যৰ বুনিয়াদী সুবিধা/আঁচনিসমূহৰ বাবে বাজেটত আবণ্টিত ধনৰাশি বৃদ্ধি কৰি ইয়াৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰাই পৰিষদৰ মূল লক্ষ্য।বস্তুগত আৰু সামাজিক দুয়োটা শাখাৰ আন্তঃগাঁঠনি বিকাশৰ বাবে কেন্দ্ৰ ব্যৱস্থাৱলীৰ বুনিয়াদী সা-সুবিধাসমূহৰ বাবে পূৰ্ণ সমৰ্থন দিয়া হয়।  

১০ শতাংশ এক মুঠ ৰাশিৰ অধীনত প্ৰস্তাৱ দাখিল কৰাৰ সময়ত কাম সম্পূৰ্ণ কৰিবলগা সংশ্লিষ্ট বিভাগীয় নীতি অনুসৰি প্ৰকল্পটোৰ সম্পূৰ্ণ প্ৰতিবেদন গাঠি দিব লাগে আৰু এই প্ৰতিবেদন অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগত দাখিল কৰিব লাগে। ইয়াৰ পাছৰ পৰ্যায়ত ৰাজ্য চৰকাৰে নগৰ/চহৰ সমূহৰ সামগ্ৰিক অগ্ৰাধিকাৰ অনুযায়ী ক্ৰমে এই প্ৰস্তাৱসমূহ কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিব লাগে। এই প্ৰকল্পসমূহৰ প্ৰস্তাৱ প্ৰতিটো বিত্তীয় বৰ্ষৰ প্ৰাৰম্ভিকতে সংশোধিত (Furbished) কৰিব লাগে। ভূমি অধিগ্ৰহণ ক্ৰয় এই আঁচনিত অন্তৰ্ভুক্ত নহয়। ২ কোটি টকাতকৈ অধিক ব্যয় হোৱা প্ৰকল্পসমূহক অগ্ৰাধিকাৰ দিয়া হয়।

নীতি অনুসৰি মৌলিক যোগ্যতাসমূহ –

  • পানী যোগান- নগৰীয়া পানী যোগান কাৰ্য্যক্ৰম আৰু পানী যোগান ব্যৱস্থাৰ প্ৰসাৰ।
  • প্ৰয় প্ৰণালী ব্যৱস্থা উন্নত কৰা/ অনাময় প্ৰকল্প
  • কঠিন আৱৰ্জনা ব্যৱস্থাপনা/ তৰল আৱৰ্জনা বিকেন্দ্ৰীকৰণ।
  • দলং/ উৰণীয়া সেতু/ পদ পথ নিৰ্মাণ।
  • বজাৰ ভৱন/ বাছ ৰখা স্থান/ ট্ৰাক আস্থান নিৰ্মাণ।
  • স্মৃতি প্ৰাচীৰ নিৰ্মাণ।
  • খেল পথাৰ, সমূহীয়া ভৱন, নিশাৰ আশ্ৰয়স্থল, বৃদ্ধাশ্ৰম, নিৰাশ্ৰয় শিশুৰ বাবে আশ্ৰয়স্থলী নিৰ্মাণ, শ্মশান আৰু কবৰস্থান আদিৰ দৰে সামাজিক সুবিধাসমূহৰ ব্যৱস্থা কৰা।
  • পুৰণি পথৰ মেৰামতি/ নতুন পথ আৰু ফুটপাথৰ নিৰ্মাণ।
  • বতাহ বৰষুণৰ পানী ওলাই যাব পৰাকৈ পানী নিষ্কাষণৰ ব্যৱস্থা কৰা।

কিছুমান মুখ্য আন্তঃগাঁঠনি যেনে পানী নিষ্কাষণ, ৰাস্তা, কঠিন আৱৰ্জনা ব্যৱস্থাপনা, ট্ৰাক- বাছ আস্থান, ব্যৱসায়ীক এলেকা, বহু উপযোগী ভৱন, ফেৰীৱালা আৰু বেপাৰীসকলৰ পুনঃ প্ৰতিষ্ঠাৰ বাবে জিলা/ মহকুমা পৰ্য্যায়ত ১০ শতাংশ একমুঠ পুঁজিৰ লগতে চিক্কিম তথা উত্তৰ পূবৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ দ্বৰা বিত্তীয় সাহাৰ্য্যৰ বাবে ১০ শতাংশ বাজেট বাধ্যতামূলকভাৱে ধাৰ্য্য কৰা হৈছে।

এই আঁচনিৰ অধীনত ২০১৭ বৰ্ষৰ আগষ্ট মাহত নগৰ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা ৩২ খন নগৰত ৪৩ টা আন্তঃগাঁঠনিৰ বাবে ৩২৯.৫৫ কোটি টকা অনুমোদন দিয়া হৈছে। ইয়াৰোপৰি ১৬৯.৫৪ কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰালয়ে আৰু ২১.৫৩ কোটি টকা ৰাজ্য চৰকাৰে প্ৰকল্প ৰূপায়ন কৰাৰ বাবে স্থানীয় নগৰীয়া সংস্থাসমূহ/ উন্নয়ন কৰ্তৃপক্ষক মোকলাই দিয়ে।

(খ)নগৰ উন্নয়ন মন্ত্ৰালয়ৰ অধীনত ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লাভালাভৰ বাবে নিয়োজিত এক মুঠ ১০ শতাংশ ৰাশিৰ সাৰাংশ-

            ১০ শতাংশ এক মুঠ ৰাশি ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ বাবে থকা আঁচনিখন নগৰ উন্নয়ন মন্ত্ৰালয়ৰ অধীনত ২০০১-০২ বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী হয়। এই আঁচনিখন কেন্দ্ৰীয় পৃষ্ঠপোষকতাত ৯০:১০ কেন্দ্ৰ-ৰাজ্য পুঁজিৰে পৰিচালিত হয়।নগৰ উন্নয়ন মন্ত্ৰালয়ে অনুমোদিত মূল্যৰ ৯০ শতাংশ অনুদান এৰি দিব, বাকী থকা ১০ শতাংশ অনদান ৰাজ্য চৰকাৰে বহন কৰিব লাগিব। ছিকিমকে ধৰি উত্তৰ-পূবৰ গোটেই যিখন ৰাজ্যৰ বুনিয়াদী সুবিধা/আঁচনিসমূহৰ বাবে বাজেটত আবণ্টিত ধনৰাশি বৃদ্ধি কৰি ইয়াৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰাই পৰিষদৰ মূল লক্ষ্য। গৃহ নিৰ্মাণ আৰু নগৰীয়া দৰিদ্ৰতা প্ৰশমন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় পুল পুঁজিৰ জৰিয়তে নগৰীয়া দৰিদ্ৰ জমতা আৰু নিম্ন উপাৰ্জনকাৰী শ্ৰেণীক এই প্ৰকল্পৰ জৰিয়তে সহায় কৰা।

১০ শতাংশ এক মুঠ ৰাশিৰ অধীনত প্ৰস্তাৱ দাখিল কৰাৰ সময়ত কাম সম্পূৰ্ণ কৰিবলগা সংশ্লিষ্ট বিভাগীয় নীতি অনুসৰি প্ৰকল্পটোৰ সম্পূৰ্ণ প্ৰতিবেদন গাঠি দিব লাগে আৰু এই প্ৰতিবেদন অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগত দাখিল কৰিব লাগে। ইয়াৰ পাছৰ পৰ্যায়ত ৰাজ্য চৰকাৰে নগৰ/চহৰ সমূহৰ সামগ্ৰিক অগ্ৰাধিকাৰ অনুযায়ী ক্ৰমে এই প্ৰস্তাৱসমূহ কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিব লাগে।এই প্ৰকল্পসমূহৰ প্ৰস্তাৱ প্ৰতিটো বিত্তীয় বৰ্ষৰ প্ৰাৰম্ভিকতে সংশোধিত (Furbished) কৰিব লাগে। ভূমি অধিগ্ৰহণ ক্ৰয় এই আঁচনিত অন্তৰ্ভুক্ত নহয়।

নীতি অনুসৰি মৌলিক যোগ্যতাসমূহ –

  • ক্ৰয় সামৰ্থ্য গৃহ।
  • সম্পূৰ্ণ স্বাস্থ্য সেৱা।
  • নবীকৰণ শক্তি।
  • ৰাজ্যিক/নগৰীয়া দৰিদ্ৰতা প্ৰশমন তথা দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ।
  • দৰিদ্ৰ লোকৰ বাবে বহু উপযোগী কেন্দ্ৰ যত প্ৰশিক্ষণ তথা উত্পাদনৰ যোগেদি ক্ষুদ্ৰ উদ্যোগৰ বাবে আগ্ৰহী লোকক সমূচিত প্ৰযুক্তিবিদ্যাৰ জ্ঞান দিয়া, নগৰীয়া দৰিদ্ৰ লোকৰ দ্বাৰা উত্পাদিত বস্তুৰ প্ৰদৰ্শন, প্ৰাথমিক বিদ্যা, প্ৰাথমিক স্বাস্থ্য ব্যৱস্থা।
  • মহিলাৰ বজাৰ/বিক্ৰেতা/মাল বেচা কেন্দ্ৰ।
  • কৰ্মৰত মহিলা নিৱাস

            এই ব্যৱস্থাৰ অধীনত ২০১৭ বৰ্ষৰ আগষ্টত কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰীয়া দৰিদ্ৰতা প্ৰশমন মন্ত্ৰালয়ে ১৬খন চহৰত ১৯টা প্ৰকল্পত ১০৭.৩৬ কোটি টকাৰ অনুমোদন দিয়ে। যি কি নহওক কেন্দ্ৰীয় চৰকাৰে ৪৫.৫৫ কোটি আৰু ৰাজ্য চৰকাৰে ৯.১১ কোটি টকা প্ৰকল্প ৰূপায়ণৰ বাবে মোকলাই দিছে। প্ৰকল্পসমূহ সংশ্লিষ্ট স্থানীয় নিকায়সমূহে ৰূপায়ণ কৰিব। অৱশ্যে ১৯টা প্ৰকল্পৰ ৩টা প্ৰকল্পৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে।

স্থিতি প্ৰতিবেদনত সম্পূৰ্ণ বিৱৰণী আছে (Details are in Status Report) –

Downloads
TitleSizeDetail
Guidelines for Sanction and Implementation of Projects out of 10% Lump Sum Provision for the Benefit of N.E Region199.31 KBswf-image
Revised Guidelines for Sanction and Implementation of Projects out of 10% Lump Sum Provision for the Benefit of N. E Region96.71 KBswf-image
Status Report of Implementation of Projects of MOUD under 10% Pool Fund in Assam206.91 KBswf-image
Status Report of Implementation of Projects of MoHUPA under 10% Pool Fund in Assam26.05 KBswf-image
Revised Administrative Approval for NEC Project and Financial Structure for the Improvement of Roads in Karimganj Town296.8 KBswf-image