মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ

কাৰ্যাৱলী আৰু লক্ষ্য

কাৰ্যাৱলী

  • গুৱহাটীৰ বাহিৰে অসমৰ আন আন নগৰীয়া অঞ্চলসমূহৰ সু-শৃংখলিত উন্নতি আৰু গঠনৰ বাবে মাষ্টাৰ প্লেন প্ৰস্তুত কৰা।
  • নগৰীয়া এলেকাৰ পৰিকল্পনা আৰু উন্নয়নৰ বাবে আৰবান লকেল বডি (ইউ.এল.বি) আৰু উন্নয়ন কৰ্তৃপক্ষসমূহক যথাযোগ্য সহযোগিতা আগবঢ়োৱা।
  • তলত উল্লেখ কৰা আঁচনিসমূহৰ অধীনত নগৰীয়া অঞ্চলৰ গঠনমূলক উন্নয়নৰ বাবে অসমৰ মুখ্য সংস্থা ৰূপে কাৰ্য কৰা –
  • আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কীম ফৰ স্মল এণ্ড মিডিয়াম টাউনছ  (UIDSSMT)
  • ইণ্টিগ্ৰেটেড হাউছিং এণ্ড শ্লাম ডেভেলপমেণ্ট প্ৰগ্ৰাম
  • ছিকিমকে ধৰি (১০ শতাংশ পুল ফাণ্ড) উত্তৰ-ৱূৱৰ অন্যান্য ৰাজ্যসমূহৰ বাবে প্ৰদান কৰা ১০ শতাংশৰ তলৰ চেণ্ট্ৰেল পুল ফাণ্ডযুক্ত গঠনমূলক প্ৰকল্পসমূহ।
  • নন-লেপচেবল চেণ্ট্ৰেল পুল অৱ ৰিচোৰ্ছেছ
  • ৰাষ্ট্ৰীয় নগৰ তথ্য ব্যৱস্থা (নেচনেল আৰবান ইনফৰমেশ্যন চিষ্টেম)
  • অসম চৰকাৰৰ এই পৰিচালনা দপ্তৰৰ দ্বাৰা বাধ্যতামূলক কৰা যিকোনো সহায়-সহযোগিতা আগবঢ়োৱা।

লক্ষ্য/উদ্দেশ্য

  • নিৰ্দিষ্ট নগৰীয়া অঞ্চলসমূহৰ সুদৃঢ় আৰু সঠিক উন্নয়নৰ বাবে মাষ্টাৰ প্লেন প্ৰস্তুত কৰা।
  • আৰবান লকেল বডি অৰ্থাত্ ইউ.এল.বিসমূহৰ উন্নত ব্যৱস্থাপনা আৰু বিভিন্ন সেৱাৰ বাবে আৰ্থিক আৰু প্ৰযুক্তিগত সহায় আগবঢ়োৱা।
  • এই পৰিচালনা দপ্তৰৰ দ্বাৰা বাধ্যতামূলক হিচাপে চিহ্নিত কৰা নগৰীয়া সেৱা আৰু গঠনমূলক আঁচনিসমূহৰ সঠিক বাস্তৱায়ন কৰা।
  • প্ৰত্যেক চহৰ-নগৰৰ পৰা বস্তিসমূহ আঁতৰাই উন্নত স্বচ্ছতা আৰু স্বাস্থ্য ব্যৱস্থাৰ বাবে যথোচিত পৰিকল্পনা কৰা।
  • নগৰয়া শাসন ব্যৱস্থাৰ নিত্য-নতুন নীতি আৰু দৃষ্টান্তসমূহ ভালদৰে বুজি পাব পৰাকৈ চৰকাৰী কৰ্মকৰ্তা তথা অন্যান্য কৰ্মচাৰীসকলৰ দক্ষতা আৰু ধাৰণা ক্ষমতা বৃদ্ধি কৰা।
  • নতুনকৈ গঢ় লোৱা অসমৰ নগৰীয়া অঞ্চলসমূহ উন্নতিৰ খতিয়ান লোৱা আৰু এই নগৰসমূহক পৰিকল্পনা ব্যৱস্থাৰ অন্তৰ্গত কৰি অধিক দক্ষ আৰু উন্নয়নশীল কৰি তোলা।
  • নগৰীয়া অঞ্চলসমূহৰ সঠিক উন্নয়নৰ বাবে ইউ.এল.বি আৰু উন্নয়ন কৰ্তৃপক্ষসমূহক মাষ্টাৰ প্লেন প্ৰস্তুত কৰাত সহযোগিতা আগবঢ়োৱা।