উত্তৰ-পূব পৰিষদ আঁচনি সম্পৰ্কে:
উত্তৰ-পূব পৰিষদ হল উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাকে ধৰি আঠখন ৰাজ্যৰ আৰ্থ-সামাজিক উন্নয়নৰ প্ৰমুখ সংস্থা।
উত্তৰ-পূব পৰিষদত ১৯৭১ চনত সংসদীয় আইন অনুসৰি গঠন হয়। পৰিষদৰ সংবিধানখন উত্তৰ পূৰ্বাঞ্চলৰ দ্ৰুত উন্নয়নৰ বাবে এটা নতুন মাত্ৰাৰ আৰম্ভণি বুলি ধৰিব পাৰি।
বিগত ৩৫ বছৰ ধৰি উত্তৰ-পূব পৰিষদে অঞ্চলটোৰ বাবে নতুন অৰ্থনৈতিক উদ্যমেৰে স্থবিৰ উন্নয়নক এটা নতুন মাত্ৰা দিবলৈ প্ৰচেষ্টা চলাই আহিছে। প্ৰচুৰ সম্ভাৱনা থকা কিন্তু বাস্তৱ ক্ষেত্ৰত পিছ পৰি ৰোৱা অঞ্চলটোৰ বাবে উত্তৰ-পূব পৰিষদে নতুন আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে।
উত্তৰ-পূব পৰিষদখন সংসদীয় আইন, The North Eastern Council Actৰ যোগেদি ১৯৭১ চনত উত্তৰ-পূবৰ আঠখন ৰাজ্য অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু সন্তুলিত বিকাশৰ বাবে পৰামৰ্শ মণ্ডল হিচাপে আত্মপ্ৰকাশ ঘটে।
উত্তৰ-পূব পৰিষদখন ছিকিমকে ধৰি উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকল, এজন সঞ্চালক আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা তিনিজন সদস্যৰে গঠিত।
উত্তৰ-পূব পৰিষদখন তলত উল্লেখিত কাৰ্যসমূহ কাৰ্যকৰী কৰিবলৈ গঠন কৰা হৈছে।
যিকোনো বিষয় বা বস্তুৰ ওপৰত আলোচনা যাক লৈ পৰিষদৰ কিছু সংখ্যক বা সকলো ৰাজ্যৰ প্ৰতিনিধিৰ সম আগ্ৰহী আৰু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহক এই বিষয়ে অৱগত কৰোৱা, বিশেষকৈ-
উত্তৰ-পূবৰ সন্তুলিত বিকাশৰ বাবে প্ৰস্তাৱ গঠন আৰু প্ৰেৰণ কৰা বিশেষকৈ তলত দিয়া ক্ষেত্ৰত-
ইয়াৰ বিবেচনাৰ কাৰণে চৰকাৰ(Government for its consideration )–
যেতিয়া এটা প্ৰকল্প বা আঁচনিৰ পৰা দুখন বা ততোধিক ৰাজ্যৰ উপকাৰৰ অভিপ্ৰায় থাকে তেতিয়া তেনে প্ৰকল্প বা আঁচনিখন পালন/ৰূপায়ণ আৰু পৰিচালিত হব পাৰে। লগতে এনে প্ৰকল্পৰ পৰা হোৱা লাভাংশ আৰু ব্যয়সমূহ ভৱিষ্যতত ভাগ হব।
আঞ্চলিক বহু উপযোগী নগৰ গৃহ আৰু সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ।