মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ

নন-লেপচেবল চেণ্ট্ৰেল পুল অৱ ৰিচোৰ্ছেছ

পটভূমি:


ভাৰতৰ উত্তৰ-পূবঅঞ্চলটো অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, চিক্কিম আৰু ত্রিপুৰা এই আঠখন ৰাজ্যৰ সমাহাৰ। অঞ্চলটোৰ উন্নয়ণ কাৰ্য্য নিৰ্ভৰ কৰে,  ৰাজ্যৰ পঞ্চবাৰ্ষিক অৰু বাৰ্ষিক পৰিকল্পনাৰ লগতে সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু কেন্দ্ৰীয় সংস্হাসমূহৰ ওপৰত। লগতে আন্ত:ৰাজ্যিক প্ৰকল্পৰ ক্ষেত্ৰত, উত্তৰ-পূৰ্বাঞ্চলীয় পৰিষদ (NEC)ৰ একসুকীয়া অতিৰিক্ত বাজেট নিৰ্ধাৰিত আছে।

উন্নয়ণৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল মূলত: কেন্দ্ৰীয় বিত্ত নিধিৰওপৰত নিৰ্ভৰশীল। উত্তৰ-পূৰ্বাঞ্চলৰ গোটেই কেইখনৰাজ্যই বিশেষশ্ৰণীৰ ৰাজ্যৰ মৰ্য্যদা প্ৰাপ্তসেতু, ইয়াৰ উন্নয়ণপ্ৰকল্পসমূহ ৯০% অনুদান আৰু ১০% ঋণৰ আধাৰত কেন্দ্ৰই অৰ্থ সংস্থান কৰে। তাৰো পৰিবিশেষ শ্ৰেণীৰ ৰাজ্যই কেন্দ্ৰীয় সাহায্যৰ ২০% লৈ অপৰিকল্পিত ব্যয়ো কৰিব পাৰে।

 

উদ্দেশ্য:


২০০০ চনৰ জানুৱাৰী মাহত, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু চিক্কিমৰ ৰাজ্যপাল আৰু মূখ্যমন্ত্ৰীসকলৰ মাজত শ্বিলংত অনুষ্ঠিত হোৱা এখন সন্মিলনত প্ৰধানমন্ত্ৰীয়ে সম্পদৰনন-লেপছেবল কেন্দ্ৰীয় পুলৰ সম্পৰ্কে এনেদৰে বাখ্যা কৰিছিল, "আমাৰ চৰকাৰে নন-লেপছেবল পুঁজিৰ এটা পুঁজি উত্তৰ-পূৰ্বাঞ্চল আৰু চিক্কিমৰ বাবে আৰম্ভ কৰিছে । এই পুঁজি ৰাজ্যকেইখনৰ বিকাশৰ প্ৰকল্পৰ ক্ষেত্ৰত ধন আৱন্তন দিয়াৰ বাবে, তথা ইয়াৰ দ্বাৰা নতুন আন্ত:গাঁঠনি নিৰ্ম্মাণৰ ক্ষেত্রত থকা সম্পদৰ অন্ত ৰায়দূৰ কৰাটোৱে, কেন্দ্ৰীয় চৰকাৰৰ সৰ্ব্বোচ্চ প্ৰাথমিকতা.."। নন-লেপছেবল কেন্দ্ৰীয় পুঁজিৰ মূল উদ্দেশ্যই হ'ল, অঞ্চলটোত নতুন আন্ত গাঁঠনিৰ প্ৰকল্প /আঁচনিৰ বাবে বিত্ত প্ৰবাহ বৃদ্ধি কৰি, উত্তৰ-পূৰ্বাঞ্চলৰ আন্তগাঁঠনিৰ দ্ৰুত উন্নয়ণ নিশ্চিতকৰা।  কেন্দ্ৰীয় পুঁজিৰ অধীনত সাহাৰ্য্য প্ৰদানৰ বাবে ভৌতিক আৰু সামাজিক আন্ত গাঁঠনি উভয়ক্ষেত্ৰ যেনে- জলসিঞ্চন আৰু বাননিয়ন্ত্ৰণ, শক্তি, পথ আৰু দলং, শিক্ষা, স্বাস্হ্য, পানী যোগান আৰু স্বচ্ছতা কবি বেচনা কৰা হৈছে, য'ত ভৌতিক আন্ত গাঁঠনি ক্ষেত্ৰৰ প্ৰকল্পই অগ্ৰধিকাৰ পাব। এই পুঁজিৰ ধন কেন্দ্ৰীয় আৰু ৰাজ্যিক  উভয় পক্ষৰ প্ৰকল্পৰ/আঁচনিৰ বাবে  মুকলাই দিব পাৰে।অৱশ্যে কেন্দ্ৰীয় পুঁজিৰ অধীনৰ ধন, ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় মন্ত্ৰী/ বিভাগ/সংস্হাৰ সাধাৰণ পৰিযোযনাৰ বাবে নহয়।

সম্পদৰ নন-লেপছেবল কেন্দ্ৰীয় পুলপ্ৰসাশনৰআনুষ্ঠানিকব্যৱস্থা

নন-লেপছেবল কেন্দ্ৰীয় পুলৰ প্ৰশাসকৰ বাবে প্ৰতিস্থিত থকা নিয়মাৱলী সংশোধন কৰা হৈছে। নবগঠিত কমিটিৰ নেতৃত্বত আছে উত্তৰ-পূব উন্নয়ণ মন্ত্ৰালয়ৰ সচিব আৰু ইবিত্ত মন্ত্ৰালয়, গৃহ মন্ত্ৰালয় আৰু পৰিকল্পনা আয়োগৰ দ্বাৰা অনুমোদিত। উত্তৰ-পূব উন্নয়ণ মন্ত্ৰালয়ৰ বিত্তীয় উপদেষ্টাক সদস্য হিচাপে অৰ্ন্তভূক্ত কৰা হৈছে।  নিদ্দিষ্ট বৈঠকত NLCPR ৰ অধীনত পুঁজি দিয়াৰ বাবে, কেন্দ্ৰীয় মন্ত্ৰী/বিভাগ সমূহৰ যিবোৰ প্ৰতিনিধিৰ প্ৰস্তাৱ বিবেচিত হয়, তেওঁলোকো ইয়াৰসদস্যা ভূক্ত হ'ব পাৰে। এটি সৰু টোকাৰে সৈতে, প্ৰতিটো আচনি বা পৰিকল্পনাৰ এখন স্পষ্ট তালিকা, বিত্তীয় বৰ্ষৰ আৰম্ভণিতেই ৰাজ্যসমূহে, সম্পদৰ নন-লেপছেবল কেন্দ্ৰীয় পুঁজিৰ অৰ্ন্তভূক্তিত পৰিবনে নপৰে, তাৰ চিনাক্ত কৰণৰবাবে দাখিল কৰিব লাগিব। আগৰদৰে বছৰজুৰি ৰাজ্যৰ বিভিন্ন বিভাগৰ পৰা অহাকোনো আঁচনি বা পৰিকল্পনাৰ প্ৰস্তাৱগ্ৰাহ্য নহ'ব। বৰ্ত্তমান এন এল চিপি আৰৰ বাবে, সংশ্লিষ্ট ৰাজ্যৰ পৰিকল্পনা আৰু উন্নয়ণ বিভাগেই  নোডাল বিভাগ আৰু সেইবিভাগ ৰাজ্যৰ আন সকলো বিভাগৰ লগতে ডনাৰৰ ইন্টাৰফেচ. ।ৰাজ্যই পৰামৰ্শ মূলকভাবে  অগ্ৰধিকাৰ ভিত্তিত, কোনো আচনি বাপ ৰিকল্পনাত প্ৰাধান্য দিলেও, কমিটিয়ে আঁচনিৰ তালিকা পৰীক্ষা কৰি চালি-জাৰি চাই, অৱশেষত উপযুক্ত বিবেচিত আঁচনিখন বিশদ পৰীক্ষা বা অনুসন্ধানৰ বাবে চিনাক্ত কৰে।  আঁচনি বা পৰিকল্পনাক প্ৰাধান্যতা দিয়াৰ ক্ষেত্ৰত কমিটিয়ে গুৰুত্ব দিয়া আন বিষয়সমূহ এনে ধৰণৰ:-

  • অৰ্থ নৈতিক আন্তঃ গাঁঠনি মূলক প্ৰকল্পক প্ৰাধান্যতা দিয়া হয়।
  • সামাজিক ক্ষেত্ৰত, খোৱা পানী যোগান আৰু অন্যান্য স্বাস্হ্য আৰু স্বচ্ছতা সম্পৰ্কীয় প্ৰকল্প
  • স্বায়ত্ব-শাসিত জিলা পৰিষদৰ (সংবিধানৰ ষষ্ঠ অনুসূচী)প্ৰকল্পই প্ৰাধান্যতা পাব
  • কোনো বিশেষ ক্ষেত্ৰৰ প্ৰকল্প, যিটো দিশত প্ৰকল্প বা স্তৱায়িত কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ শেহতীয়া প্ৰদৰ্শন সন্তোষজনক
  • বিগত বৰ্ষত কোনো বিশেষ ৰাজ্যই পুঁজিৰ সদ ব্যৱহাৰ বা আদৰ্শ ব্যৱহাৰ কেনেদৰে কৰিছে, সেইটোও বিচাৰ কৰি চোৱা হয়।

এই পদ্ধতিৰে যি প্ৰকল্প নিৰ্বাচিত হ'ব, তাৰ বিশদবৰ্ণনা বা পৰিকল্পনা ৰিপৰ্ট সংশ্লিষ্ট ৰাজ্যই প্ৰস্ত্তত কৰিব লাগিব।পিছত এই প্ৰকল্প প্ৰস্তাৱ সমূহ সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়/ বিভাগৰ লগত আলোচনা কৰি পুণ:ৰীক্ষণ কৰা হয়। এনে দৰে অনুমতি/মত প্ৰাপ্তৰ পিছত ইয়া কনন লেপচেবল কেন্দ্ৰীয় পুঁজিৰ প্ৰশাসক কমিটিৰ' ওচৰত উপস্হাপন কৰা হয়, যিপ্ৰকল্প আৰু চুক্তিৰ অনুমোদন জনায়।
        

কমিটিৰ অনুমোদনৰ পিছত, প্ৰকল্পৰ কাৰ্য্য ক্ৰমনিকাৰ সময়সূচী দাখিল কৰিলে, উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয় মঞ্জুৰী দিপুঁজি মুকলি কৰি দিয়ে।প্ৰথম পৰ্য্যয়ত দিয়া পুঁজিৰ সদ প্ৰয়োগৰ প্ৰমাণ পত্ৰ পালেহে পৰবৰ্তী পুঁজি মুকলি কৰি দিয়া হয়।

(উৎস: উন্নয়ন মন্ত্ৰালয়ৰ উত্তৰ-পূবাঞ্চলৰ ৱেবছাইট)

নগৰআৰুচহৰপৰিকল্পনাৰঅধীনতপ্ৰৰ্ৱতিতপ্ৰকল্প

এই প্ৰগ্ৰেম অনুসৰি সম্পদৰ নন-লেপছেবল কেন্দ্ৰীয় পুলৰ অধীনত প্ৰতিখন জিলা, মহকুমাৰ চহৰে কিছুমান আন্ত:গাঁঠনি উন্নয়ণমূলক গুৰুত্বপূৰ্ণ আচনি যেনে- জলনিষ্কাষণ, বাট-পথ, অৱশেষ প্ৰক্ৰিয়াকৰণ ব্যৱস্হাপনা, ট্ৰাক/বাছট্যাৰ্মিনাছ, বহুল ভাৱে ব্যৱহাৰ কৰিব পৰা সভাঘৰ ইত্যাদিৰ  বাবে আৰ্থিক অনুদান পাব। 
২০১৭ৰ আগষ্ট লৈ, সম্পদৰ নন-লেপছেবল কেন্দ্ৰীয় পুলৰ অধীনত অনুমানিক মুঠ ২৯১.৬১ কোটিৰ, ১৮ টা প্ৰকল্পই মঞ্জু ৰীলাভকৰিছে। ইয়াৰে ১২০.৮৩ কোটি কেন্দ্ৰীয় চৰকাৰে আৰু ১.৪০ কোটি ৰাজ্যচৰকাৰে মুকলাই দিছে। এই ১৮ টা প্ৰকল্পৰ ১ টা প্ৰকল্পই তিমধ্যে সম্পূৰ্ণ হৈছে।

Downloads
TitleSizeDetail
Summary of NLCPR Schemes209.99 KBswf-image
Guidelines for Administration of NLCPR115.37 KBswf-image
Revised Guidelines for Administration of NLCPR118.51 KBswf-image
Present Status of Projects under NLCPR Schemes126.73 KBswf-image
Revised Administrative Approval for Tinsukia and Nagaon under NLCPR Scheme 284.61 KBswf-image