এই কাৰ্যক্ৰমৰ অধীনত আগষ্ট,২০১৭ত আৱাস আৰু নগৰৰ দৰিদ্ৰতা হ্ৰাসকৰণ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ দ্বাৰা ১৬খন নগৰৰ বাবে ১০৭.৩৬ কোটি টকা ব্যয়ৰ ১৯টা প্ৰকল্পৰ অনুমোদন কৰা হয়। বৰ্তমানলৈকে ভাৰত চৰকাৰে ৪৫.৫৫ কোটি টকা আৰু ৰাজ্য চৰকাৰে ৯.১১ কোটি টকা এই প্ৰকল্পসমূহৰ ৰূপায়ণৰ বাবে মুকলি কৰি দিছে, যি দায়িত্ব সংশ্লিষ্ট নগৰীয়া স্থানীয় সংস্থাসমূহৰ ওপৰত ন্যস্ত কৰা হৈছে। এই ১৯টা প্ৰকল্পৰ ভিতৰত ৩টা ইতিমধ্যে সম্পূৰ্ণ হৈছে।
পৰ্যায়ক্ৰমে, নগৰ উন্নয়ন মন্ত্ৰালয়ে ৩২৯.৫৫ কোটি ব্যয়ৰ ৪৩টা অৱগাঁথনিক প্ৰকল্প ৩২খন নগৰৰ বাবে অনুমোদিত কৰিছে। এই পুঁজিৰ ১৬৯.৫৪ কোটি টকা ৰাজ্য চৰকাৰৰ দ্বাৰা সংশ্লিষ্ট নগৰীয়া স্থানীয় সংস্থা/উন্নয়ন কৰ্তৃপক্ষক মুকলি কৰি দিয়া হৈছে। এই ৪৩টা প্ৰকল্পৰ ভিতৰত ১২টা প্ৰকল্প ইতিমধ্য়ে সফলতাৰে সম্পূৰ্ণ হৈছে।