মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Housing & Urban Affairs নগৰ আৰু দেশ উন্নয়ন পৰিচালনা দপ্তৰ

নলা-নৰ্দমাৰ মাষ্টাৰ প্লেন

কাৰ্যনিৰ্বাহক অভিযন্তা কাৰ্যালয়, নলা-নৰ্দমা বিভাগ, নগৰ আৰু দেশ উন্নয়ন দপ্তৰ দিছপুৰ, গুৱাহাটীৰ দ্বাৰা প্ৰস্তুত জল নিষ্কাষণৰ মাষ্টাৰ প্লেন।
আমাৰ ৰাজ্যৰ নগৰসমূহত সু-পৰিকল্পিত জল নিষ্কাষণ ব্যৱস্থাপনা নিতান্তই প্ৰয়োজনীয় যিহেতু ইয়াৰ ভূ-পৃষ্ঠ অসমতল। দুৰ্ভাগ্যৰ কথা যে আমাৰ ৰাজ্যৰ কোনো এখন নগৰতে সু-পৰিকল্পিত জল নিষ্কাষণ ব্যৱস্থা নাই। যাৰ ফলত বহু অঞ্চল পানীত বুৰি থকাৰ উপৰিও ঠায়ে ঠায়ে পানী জমা হৈ থাকে আৰু পৰিণতিস্বৰূপে মেলেৰিয়া, খৱাপানীৰ প্ৰদূষণ ইত্যাদি সমস্যাই দেখা দিয়ে। এনে সমস্যাসমূহে স্বাস্থ্যৰ ওপৰত বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু লগতে বাট-পথ, বিল্ডিং, পাব্লিক সম্পত্তি আদিৰো ক্ষতি সাধন কৰে।
অসমৰ বিভিন্ন নগৰ-চহৰত সৃষ্টি হোৱা পানী জমা বা কৃত্ৰিম বান সমস্যাৰ জৰুৰীকালীন অৱস্থাৰ নিষ্কাষণ পদ্ধতিৰ মাষ্টাৰ প্লেন প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই নিষ্কাষণ পদ্ধতিৰ পৰিকল্পনাৰ মুখ্য উদ্দেশ্য হৈছে এনে এক নিষ্কাষণ পদ্ধতিৰ নিৰ্মাণ কৰা যিয়ে কৃত্ৰিম বানপানীৰ প্ৰতিৰোধ আৰু প্ৰশমন ঘটাব পাৰে। এই পৰিকল্পনাৰ উদ্দেশ্যসূহ এনেধৰণৰ –

  • দীৰ্ঘদিনীয়া নিৰ্মাণ কাৰ্যৰ প্ৰতি লক্ষ্য ৰাখি অৰ্থ-প্ৰযুক্তি সম্বলিত জল নিষ্কাষণ পদ্ধতি প্ৰস্তুত কৰা।
  • যিবিলাক গুৰুত্বপূৰ্ণ জলস্ৰোতে জল নিষ্কাষণ পদ্ধতিত বিশেষ ভূমিকা লয় তেনে জলস্ৰোতসমূহৰ ৰক্ষা তথা প্ৰতিপালন কৰা।
  • আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তিসমূহৰ স্থানীয় পৰিবেশ আৰু পৰিস্থিতি সাপেক্ষে সুব্যৱহাৰ কৰি লক্ষ্যত উপনীত হোৱা।
  • প্ৰচুৰ বৃষ্টিপাতৰ ফলত জমা হোৱা পানীয়ে যাতে পৰিবেশ আৰু সমাজৰ ক্ষতি সাধন নকৰে তাকে নিশ্চিত কৰা।
  • পৰিবেশ, জনস্বাস্থ্য আৰু স্বচ্ছতাৰ উন্নতি সাধন আৰু নাগৰিকৰ জীৱন ৰক্ষা তথা মানদণ্ড উন্নত কৰা।
  • নগৰসমূহৰ উত্তম ব্যৱস্থাপনাৰ বাবে কৃত্ৰিম জলৰাশিৰ নিষ্কাষণ আৰু নিয়ন্ত্ৰণৰ প্ৰতি দায়বদ্ধ ষ্টকহোল্ডাৰসকলৰ প্ৰতিষ্ঠানিক আৰু সাংগাঠনিক উন্নতিকৰণ।
  • ৰাজ্যৰ নাগৰিক আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ অ’ এণ্ড এম (O & M) অৰ্থাত্ অপাৰেশ্যন এণ্ড মেনেজমেণ্ট পদ্ধতিৰ দ্বাৰা কৃত্ৰিম জল নিষ্কাষণ ব্যৱস্থাত সক্ৰিয় অংশগ্ৰহণ সুনিশ্চিত কৰা।

সেই অনুযায়ী, ৩ সংখ্যক জল নিষ্কাষণৰ মাষ্টাৰ প্লেনৰ খচৰা নগৰ আৰু দেশ উন্নয়ন দপ্তৰৰ পৰিচালকৰ অনুমোদনৰ বাবে আবেদন কৰা হৈছে আৰু ইয়াৰ নিষ্কাষণৰ মাষ্টাৰ প্লেনৰ খচৰা বৰ্তমানৰ এই বিভাগত প্ৰস্তুত কৰি থকা হৈছে। কৃত্ৰিম  জল অধ্যয়ন আৰু কৃত্ৰিম জল অধ্যয়ন আৰু কৃত্ৰিম জল নলা-নৰ্দমা ডিজাইনৰ আৰ্হিৰ বাবে চেণ্ট্ৰেল পাব্লিক হেল্থ এণ্ড এনভাইৰণমেণ্টেল অৰ্গনাইজেশ্যন (CPHEEO) , মিনিষ্ট্ৰী অব আৰবান ডেভেলপমেণ্ট, নতুন দিল্লীৰ দ্বাৰা প্ৰকাশিত জল নিষ্কাষণ আৰু নিষ্কাষণ পদ্ধতিৰ নিৰ্দেশ (২য় সংস্কৰণ)ৰ সহায় লোৱা হৈছে।

  • তিনিচুকীয়া চহৰৰ জল নিষ্কাষণৰ মাষ্টাৰ প্লেনৰ প্ৰস্তুতি
    তিনিচুকীয়া টাউনৰ জল নিষ্কাষণৰ মাষ্টাৰ প্লেনৰ খচৰা নগৰ আৰু দেশ উন্নয়ন দপ্তৰ, অসমৰ পৰিচালকৰ অনুমোদনৰ বাবে জমা কৰা হৈছে।
  • চিলাপথাৰ নগৰৰ জল নিষ্কাষণৰ মাষ্টাৰ প্লেনৰ প্ৰস্তুতি
    চিলাপথাৰ নগৰৰ জল নিষ্কাষণৰ মাষ্টাৰ প্লেনৰ খচৰা নগৰ আৰু দেশ উন্নয়ন দপ্তৰ, অসমৰ পৰিচালকৰ অনুমোদনৰ বাবে জমা কৰা হৈছে।
  • মাৰ্ঘেৰিটা নগৰৰ জল নিষ্কাষণৰ মাষ্টাৰ প্লেনৰ প্ৰস্তুতি
    মাৰ্ঘেৰিটা নগৰৰ জল নিষ্কাষণৰ মাষ্টাৰ প্লেনৰ খচৰা নগৰ আৰু দেশ উন্নয়ন দপ্তৰ, অসমৰ পৰিচালকৰ অনুমোদনৰ বাবে জমা কৰা হৈছে।
  • গোৱালপাৰা চহৰৰ জল নিষ্কাষণৰ মাষ্টাৰ প্লেনৰ প্ৰস্তুতি
    গোৱালপাৰা চহৰৰ জল নিষ্কাষণৰ মাষ্টাৰ প্লেনৰ খচৰা বৰ্তমান এই বিভাগত প্ৰস্তুত কৰি থকা হৈছে। এই প্ৰক্ৰিয়াত সহায় হবলগীয়া প্ৰয়োজনীয় জৰীপ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আন সহায়কাৰী কাৰকসমূহ যেনে- যাৱতীয় মানচিত্ৰ আৰু ষ্টৰ্ম ৱাটাৰ হাইড্ৰলিক ডিজাইন নিৰ্মীয়মান অৱস্থাত আছে।
  • শিলচৰ চহৰৰ জল নিষ্কাষণৰ মাষ্টাৰ প্লেনৰ প্ৰস্তুতি
    শিলচৰ চহৰৰ জল নিষ্কাষণৰ মাষ্টাৰ প্লেন বৰ্তমান এই বিভাগত প্ৰস্তুত কৰি থকা হৈছে। প্ৰয়োজনীয় জৰীপ আৰু মেপসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।
  • ৰঙিয়া নগৰৰ জল নিষ্কাষণৰ মাষ্টাৰ প্লেনৰ প্ৰস্তুতি
    ৰঙিয়া নগৰৰ জল নিষ্কাষণৰ মাষ্টাৰ প্লেন বৰ্তমান এই বিভাগত প্ৰস্তুত কৰি থকা হৈছে। প্ৰয়োজনীয় জৰীপ আৰু মেপসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।
  • কোকৰাঝাৰ চহৰৰ জল নিষ্কাষণৰ মাষ্টাৰ প্লেনৰ প্ৰস্তুতি
    কোকৰাঝাৰ চহৰৰ জল নিষ্কাষণৰ মাষ্টাৰ প্লেন বৰ্তমান এই বিভাগত প্ৰস্তুত কৰি থকা হৈছে। প্ৰয়োজনীয় জৰীপ আৰু মেপসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।